কাঁচঘৰৰ মালিতা

গেজেপনী মৰা নিশাৰ হিম চেচাঁ পৰশ
কাঁচঘৰৰ ঘিটমিটীয়া আন্ধাৰত অৱগাহন কৰি
কুচিমুচিকৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰোঁ নিখোজ হোৱা মইটোক
অৰ্থোদ্ধাৰ কৰি পেলাওঁ শ্বাসপ্ৰশ্বাসৰ জটিল সমীকৰণ বোৰ
লাভ-লোকচান-শ্বেয়াৰ-ষ্টক্-সুখ-দূখ
নুনি পকা বতৰত কাঁচঘলৈ বাৰে বাৰে বাৰে ঘূৰি আহো
কাঁচঘৰ, মই আৰু তুমি…

No comments:

Post a Comment