পুৰুষ

শিলৰ বুকু চোলা খুলি দেখুৱা
চাও তোৰ বুকুত বাঢ়ি অহা খংপুলিটো
ইউকেলিপ্টাছৰ পাতত লাগি ৰোৱা তোৰ বিন্দু বিন্দু অভিমান
সুমেৰুত গোট মৰা তোৰ আৱেগ

খিৰিকীৰ ফাঁকেৰে ভেঙুচালি মাৰি খেদি অহা
পোহৰৰ সৈতে মিতিৰালি তোৰ
হাড়ে হাড়ে কপিছ কিয় ইমান প্ৰচণ্ড ৰ'দত
তোৰ ধমনীৰেওতো বয় প্ৰেমৰ টুনী নৈ

শূন্য

ধোঁৱাচাঙত ওলমি আছে কাঁচিয়লি হাঁহি
এপাল মকৰাৰ অহৰহ ব্যস্ততা

চতিয়না অৰণ্যাণীত ক্লীৱ প্ৰতীতি
নৃত্যৰতা নিৰ্বাক বিৰংসু চামোন

ক্ৰমাৎ কনকচম্পাৰ হাইতালত নিবন্ধিত দৃষ্টি
অকস্মাৎ খিৰিকীৰে নামি আহে আৰ্যভট্টৰ শূন্য ।

জীয়াঢলৰ পাৰৰ ইলিজি

উকি এটা ঘৰবোৰৰ ওপৰেদি উৰি আহিল
তৃষাৰ্তৰ নিদান-কালত
এপাল সৰীসৃপ
জৰায়ুত একোটা মৃত ঐনিতম

অনৰ্থক

টেঙেচি হৈ ফুলিছিল নিশাৰ আকাশত
স্বপ্নীল সময়

কাউৰীৰ কল্পান্ত কোৰ্হালত
চতিয়না হাবিত জোৱাৰ-চুনামি
চকুৰ আগত শতাব্দীৰ ভগা সপোনৰ প্ৰাচীৰ
অসংখ্য কেঁকোৰাৰ কবৰ

নৈঃশব্দই বহু কথা কয়
নদী, সাগৰ, জোন, তৰা, আকাশ
সকলো অনৰ্থক

ইতিহাস

যাদুঘৰৰ কাঁচৰ বাকচত আবদ্ধ স্মৃতি
শূন্য ৰংঘৰৰ বাকৰি

অস্তাচলৰ এচবকা পোহৰত
নৃত্যস্নাতা হাজাৰ বছৰীয়া কিশোৰ

কচু-ঢেঁকীয়াৰ চহৰত
পলিথিনৰ সভ্যতা

আস্তিনৰ ফেঁটীৰ প্ৰকোপত
লাচিতৰ মৈদামত এতিয়া
কিছুমান লাজুকী নিলাজী-বন