বিদায় সংগীত

হানি সিংৰ ৰেপ মিউজিকত সাৰ পাই উঠি
অনুভূত নহয় বসন্তকাননৰ তগৰফুলীয়া নিৰ্যাস
মদৰ মেৰাত ৰাগি নাই
বৰা চাউল, তিল, নাৰিকলৰ স্নেক্সত সোৱাদ নাই
মাদকতা নাই মঘাইৰ ৰগৰত
হাইদাংৰ লয় নাই
আমৰলি টোপ, পলুৰ লেটা! কি অনাৰ্য্য কালচাৰ
পিকনিক কালচাৰৰ লগত কিহৰ ফেৰ
অল আৰ আউটডেটেড
ইম্পেৰিয়েল ব্লো, ব্লেণ্ডাৰচ প্ৰাইডৰ গোন্ধত উৎসৱৰ সূচনা হয়
দেহলৈ নামি আহে চানী লিঅনৰ উদ্দাম নৃত্যৰ লয়লাস
বাপতী-সাহোন দীঘলীয়া উকিটো আপোনা-আপুনি বৈ পৰে গেজেপী-ঝিলাংহঁতৰ বুকুৰপৰা  অসীমলৈ।

No comments:

Post a Comment